National Crime Records Bureau

নাৰীজনিত অপৰাধৰ শীৰ্ষত অসম। ২০২০ চনৰ তথ্য অনুসৰি অসমত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ ২০২০ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। অসমত প্ৰতি ১ লাখ জনসংখ্যাৰ ভিতৰত ১৫৪.৩% নাৰীজনিত অপৰাধ সংঘটিত হৈছে।

একেৰাহে ৪ৰ্থ বৰ্ষৰ বাবে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত অসম। নাৰীজনিত অপৰাধৰ দ্বিতীয় স্থানত আছে উৰিষ্যা আৰু তৃতীয় স্থানত আছে দিল্লী। উৰিষ্যাৰ অপৰাধৰ হাৰ ১১২.৯% আৰু দেশৰ আটাইতকৈ অসুৰক্ষিত চহৰ দিল্লীৰ নাৰীজনিত অপৰাধৰ হাৰ ১০৬.৪%।