Indira Gandhi International Airport

সন্ত্ৰাসবাদীৰ লক্ষ্য ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। পুনৰাবৃত্তি হ’ব ৯/১১ আক্ৰমণ। এটা আতংকময়ী ফোনকলে ত্ৰাসৰ সৃষ্টি কৰিছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত।

শুকুৰবাৰে, নিশাৰ ভাগত দিল্লী আৰক্ষীলৈ আহে এটা ভয়ংকৰ ফোনকল। ফোনকলৰ জৰিয়তে বোমাৰে লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়া বিমান উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে আতংকবাদীয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯/১১ আক্ৰমণৰ দৰেই এই আক্ৰমণ কৰাৰ ভাবুকি দিয়ে অচিনাক্ত লোকে।