Naked MLA

অন্তর্বাস পৰিধান কৰি ৰে’লত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে এইজন বিধায়কে। 

বিহাৰৰ জে ডি (ইউ)ৰ বিধায়ক এগৰাকীৰ কাণ্ড এইয়া। 

অর্ধনগ্ন বিধায়কগৰাকীৰ নাম গোপাল মণ্ডল ৷

বিধায়কজনৰ এনেকৰাৰ পিছতে এতিয়া আলোড়ন তুলিছে সংবাদ মাধ্যমত ৷

পাটনা-নতুন দিল্লী তেজছ এক্সপ্রেছেৰে যাত্রা কৰাৰ সময়ত বিহাৰৰ এই বিধায়কগৰাকীয়ে অন্তর্বাস পৰিধান কৰি যাত্রীসকলৰ মাজত সৃষ্টি কৰে সন্ত্রাসৰ ৷

ইতিমধ্যে মণ্ডলৰ দুখন ছবিয়ে ফেচবুকত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

যাত্রীসকলৰ অভিযোগ অনুসৰি বিধায়কগৰাকীয়ে সঘনে সহযাত্রীসকলক ভাবুকি দিছিল ৷