Sarupeta

কণমাণি পুত্ৰক কোলাত লৈ পুখুৰীত জাপ দি আত্মহত্যা এগৰাকী মাতৃৰ।

তিনিবছৰীয়া পুত্ৰ সন্তানসহ মাতৃয়ে পুখুৰীত জাপ দি আত্মহত্যা কৰে।

এই ঘটনা সংঘটিত হৈছে নামনি অসমৰ বজালী জিলাত।

ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃত্যু মহিলাগৰাকী ৩০ বছৰীয়া মালবিকা ডেকা বুলি জানিব পৰা গৈছে। স্বামী মহাদেৱ বৰ্মণ বৰ্তমান আই টি বি পি কনিষ্টবল হিচাপে উত্তৰাখণ্ডত কৰ্মৰত হৈ আছে।

ঘটনা সংঘটিত হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা এছ ডি আৰ এফ বাহিনীয়ে মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।