Assam

আজিৰে পৰা ৰাস মহোৎসৱ। ৰাস মহোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উদ্‌যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে ৰাস মহোৎসৱৰ আৰম্ভ হৈছিল। 

অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰা হয় ৰাস মহোৎসৱ। ১৭৬২ দশকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদ্‌যাপন প্ৰথমে আৰম্ভ হয়। দক্ষিণপাট সত্ৰৰ পিছতে গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসোৎসৱৰ প্ৰসাৰ ঘটে। 

আজি জানো আহক, উজনি আৰু নামনি অসমৰ ৰাসোৎসৱৰ পাৰ্থক্য কি?