
ডিব্ৰুগড়ৰ পৰা লৈ যোৱা হ’ব অমৃতপাল সিঙক
অমৃতপালৰ ৭ সহযোগীকো ঘূৰাই নিয়া হ’ব পঞ্জাৱলৈ
ডিব্ৰুগড়ত উপস্থিত হৈছে পঞ্জাৱ আৰক্ষীৰ এটা দল
৭ খালিস্তানীৰ NSAৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত
১৯ মাৰ্চত অন্ত পৰিব ৭ খালিস্তানীৰ বিৰুদ্ধে NSAৰ ম্যাদ
জুন মাহতহে অন্ত পৰিব অমৃতপাল সিঙৰ NSAৰ ম্যাদ
২০২৩ৰ পৰাই ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী অমৃতপাল
গ্ৰেপ্তাৰ হৈছিল ৱাৰিছ দে’ পঞ্জাৱৰ ৯ সমৰ্থকো
পুনৰ সাময়িক সকাহ পালে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ সহযোগী অভিযুক্তই। ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী আইন চমুকৈ এন এছ এৰ গোচৰত বিগত দুটা বছৰ ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্থানপন্থী নেতাসকলৰ এন এছ এৰ অধীনত বন্দীত্বৰ ম্যাদ অহা ১৯ মাৰ্চত অন্ত পৰিব।
ইয়াৰ লগে লগে অমৃতপাল সিঙৰ ৭ সহযোগী অভিযুক্তক পঞ্জাৱলৈ স্থানান্তৰ কৰা হ’ব। দলজিৎ সিং কালচী, ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেক, পাপলপ্ৰীত সিং, কুলৱন্ত সিং, গুৰমীত সিং, বসন্ত সিং আৰু হৰজিৎ সিং কালচীক ১৯ মাৰ্চৰ পাছতেই পঞ্জাৱলৈ লৈ যোৱাৰ সম্ভাৱনা আছে।
এই উপলক্ষে ডিব্ৰুগড়ত উপস্থিত হৈছে পঞ্জাৱৰ ২৫ জনীয়া আৰক্ষীৰ দল। ডিব্ৰুগড়ৰ এখন হোটেলত বাহৰ পাতি থকা পঞ্জাৱ আৰক্ষীৰ দলটোৱে আদালতৰ ন্যায়িক কাম-কাজ সম্পন্ন হোৱা পাছত ১৯ মাৰ্চৰ পাছত লৈ যোৱাৰ সম্ভাৱনা আছে।
অৱশ্যে এন এছ এৰ অধীনত কাৰাবন্দী হৈ থাকিব লাগিব অমৃতপাল সিং আৰু জীৎ সিং। এই দুই অভিযুক্তৰ এন এছ এৰ বন্দীত্বৰ ম্যাদ উকলিব জুন মাহত।
- Log in to post comments