CM

মুখ্যমন্ত্ৰীৰ অনুষ্ঠানসমূহক লৈ ৰাজ্যৰ উপায়ুক্তলৈ বিশেষ নিৰ্দেশ। এতিয়াৰে পৰা অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই জ্বলাব লাগিব বন্তি। গামোচা, ফুল, উপহাৰেৰে মুখ্যমন্ত্ৰীক জনাব নোৱাৰিব সম্বৰ্ধনা। মুখ্যমন্ত্ৰীয়ে নিশা যাপন কৰা ঠাইৰ পৰৱৰ্তী অনুষ্ঠানক লৈ জাৰী কৰিছে নিৰ্দেশনা। পিছদিনা পুৱা গছপুলি ৰোপণেৰে আৰম্ভ হ'ব লাগিব অনুষ্ঠান। মুখ্যমন্ত্ৰীক মাটিৰ কাপত চাহ, গ্লাছৰ বটলত আগবঢ়াব লাগি পানী। প্লাষ্টিকৰ বটলৰ পানী থাকিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত। দুপৰীয়া আৰু নিশা থাকিব লাগিব থলুৱা নিৰামিষ আহাৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা সকলো উপায়ুক্তলৈ এই নিৰ্দেশ।