ধূলা কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

Himanta Biswa Sarma

ধূলা কাণ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ধূলাৰ গোচৰৰ আৰক্ষীৰ তদন্ত ভাল হোৱা নাই বুলি মোলৈ খবৰ আহিছিল৷ তাৰ পিছতে মই ছোৱালীজনীৰ ঘৰলৈ গৈছিলো। চিপজৰী অভিযুক্তই নিজেই ছোৱালীজনীৰ ডিঙিৰ পৰা আঁতৰাইছিল। মোৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে আৰক্ষী অধীক্ষকে দিব পৰা নাছিল। CIDলৈ গোচৰটো দি আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক নিলম্বিত কৰা হৈছিল৷ এতিয়ালৈ সেই সময়ৰ SP, ASP, OC, চক্ৰ বিষয়া আৰু তিনিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।’’
CIDৰ তদন্তত নতুন দিশ উন্মোচন হোৱাৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই তদন্ত প্ৰক্ৰিয়াৰ কথা এই কাৰণে কোৱা হৈছে যে এয়া বিজ্ঞানসন্মত তদন্ত। মৃতদেহ কবৰৰ পৰা উলিয়াই আনি এনেদৰে পুনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ঘটনা এই সময়ত উল্লেখনীয়। এনে ঘটনা ঘটিলে SP আৰু DIG নিজে ঘটনাস্থলীলৈ যাব লাগিব। যোৱা এটা বছৰত ঘটা এনেধৰণৰ ঘটনাৰ পুনৰ তদন্ত কৰিবলৈ SP সকলক কোৱা হৈছে। OC ফেইল কৰিলে SP, SP ফেইল কৰিলে DIGয়ে তদন্ত কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

Category
Profile picture for user UB Photos