ক'ভিডৰ দ্বিতীয় পালি ভেকচিন কাৰো বাবে বাধ্যতামূলক নহয়, ভেকচিন স্বেচ্ছামূলকহে!

ক'ভিডৰ দ্বিতীয় পালি ভেকচিন কাৰো বাবে বাধ্যতামূলক নহয়, ভেকচিন স্বেচ্ছামূলকহে!

ক'ভিডৰ দ্বিতীয় পালি ভেকচিন কাৰো বাবে বাধ্যতামূলক নহয়, ভেকচিন স্বেচ্ছামূলকহে। উচ্চতম ন্যায়ালয়ক দেওবাৰে এই কথা জনালে কেন্দ্ৰীয় চৰকাৰে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰে যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা ক'ভিড-১৯ টিকাকৰণ নিৰ্দেশনাত কোনো ব্যক্তিৰ সন্মতি নোহোৱাকৈ ক'ভিড টিকাকৰণ বাধ্যতামূলক বুলি উল্লেখ কৰা হোৱা নাই।

ক'ভিড মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে। সকলো নাগৰিকে টিকাকৰণ কৰা উচিত যদিও কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি বুলি উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰই ইয়াৰ শপতনামাত উল্লেখ কৰা অনুসৰি, এনে কোনো SOP জাৰি কৰা হোৱা নাই য'ত বিশেষভাৱে সক্ষম লোকৰ বাবে টিকাকৰণৰ প্ৰমাণপত্ৰ কঢ়িয়াই ফুৰা বাধ্যতামূলক। আনহাতে, ভাৰত চৰকাৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা নিৰ্দেশনাত সংশ্লিষ্ট ব্যক্তিজনৰ সন্মতি অবিহনে কোনো বলপূৰ্বক টিকাকৰণৰ পৰিকল্পনা কৰা হোৱা নাই বুলিও উল্লেখ কৰে কেন্দ্ৰই।

এফালে কেন্দ্ৰীয় চৰকাৰৰ ভেকচিনৰ ক্ষেত্ৰত এক উদাসীন নীতি আৰু আনফালে অসম চৰকাৰৰ কঠোৰ নীতিত সৰিয়হ ফুল দেখিছে সাধাৰণ জনতাই। স্বেচ্ছামূলকভাৱে ভেকচিন গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জনোৱা আহ্বানৰ বিপৰীতে অসমত জোৰ-জুলুম কৰি ভেকচিন দিয়া ঘটনাই এতিয়া চকু কপালত তুলিছে সকলোৰে। আনহাতে, অসম সচিবালয়ৰ বহু কৰ্মচাৰীয়ে ভেকচিন গ্ৰহণ নকৰাৰ বাবে কাম কৰাত বাধা প্ৰদান কৰা হৈছে। আনকি, কাৰ্যালয়লৈ অহা কৰ্মচাৰীক ঘূৰাই পঠিওৱাৰ লগতে দৰমহা কৰ্তনৰো সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

Category
Profile picture for user UB Photos