health benifits

“ঔটেঙা, টেকীয়া,পুঠি মাছৰ জোল,
খালেহে গম পাবা সোৱাদৰে মূল”

উক্ত বাক্য কেইশাৰী শুনিছে নিশ্চয়। ঔটেঙাৰ কথা ওলালেই আমাৰ সকলোৰে জিভাৰ পানী পৰিবলৈ ধৰে। ঔটেঙা হ’ল এনে এবিধ টেঙা সোৱাদযুক্ত ফল বা পাচলি, যাক নোখোৱা মানুহ হয়তো খুব কমেই ওলাব। ঔটেঙাৰ বৈজ্ঞানিক নাম ‘Dillenia Indica’।

অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে। ইয়াক প্ৰধানকৈ গৰমৰ দিনত দাইল বা অন্য় তৰকাৰীত ব্যৱহাৰ কৰি খোৱা হয়। বিশেষকৈ আমাৰ অসমীয়া জুতিত বিভিন্ন সৰু- ডাঙৰ মাছৰ লগত তৰকাৰী কৰি খোৱা হয়। এনে ধৰণৰ বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰি তুলে।