চিলনী চোৰৰ সন্ত্ৰাস....ৰাজপথত ম'বাইলত কথা পাতোতে সাৱধান হ'ব! কাৰণ যিকোনো মুহূৰ্ততে টাৰ্গেট হ’ব পাৰে আপুনি?

thief

গুৱাহাটীৰ ৰাজপথত ম’বাইলত কথা পাতোতেও সাৱধান হ’বৰ হ’ল! কিয়নো কোন মুহূৰ্তত চিলনী চোৰে আপোনাক টাৰ্গেট কৰিব পাৰে তাৰ কোনো ঠিকনা নাই। 

thief

তেনে এক ঘটনাই সংঘটিত হৈছে উলুবাৰীত। যোৱানিশা উলুবাৰীৰ লাচিত নগৰ ৭নং বাইলেনত এজন লোকৰ ম’বাইল থপিয়াই নিলে বাইকত অহা দুৰ্বৃত্তই।

thief

উল্লেখ্য যে, গফ্ফৰ আলী নামৰ লোকজনে ৰাস্তাৰে কথা পাতি আহি থাকোতেই চিলনী চোৰে থপিয়াই নিলে তেওঁৰ ম’বাইল ফোনটো। 

DIG বিবেকৰাজ সিঙৰ ম’বাইল ফোন কাঢ়ি নিয়া ঘটনাৰ পিছতে মহানগৰ আৰক্ষী সষ্টম হৈ পৰিছিল ম’বাইল চোৰৰ বিৰুদ্ধে। বিগত ১০ দিনত মহানগৰ আৰক্ষী তথা ক্ৰাইম বাঞ্চে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছিল কুৰিতকৈও অধিক ম’বাইল চোৰৰ সক্ৰিয় গেং। কিন্তু ইমানৰ পিছতো এনেধৰণৰ ঘটনা এতিয়াও সংঘটিত হৈ আছে মহানগৰীত।

Category
Profile picture for user UB Photos