ৰাহুল গান্ধীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ'ব অভিনেত্ৰী চাৰ্লিন চোপ্ৰা! এক বিশেষ চৰ্ত সাপেক্ষে ৰাহুল গান্ধীলৈ বিৱাহৰ প্ৰস্তাৱ অভিনেত্ৰীগৰাকীৰ......

Rahul Gandhi

শ্বাৰ্লিন চোপ্ৰা বলীউডৰ এনে এগৰাকী অভিনেত্ৰী  যি প্ৰায়ে নিজৰ মন্তব্যক লৈ চৰ্চাত থাকে। এতিয়া আকৌ এবাৰ শ্বাৰ্লিন চোপ্ৰাই নিজৰ নতুন মন্তব্যক লৈ আছে চৰ্চাত। 

তেওঁ এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ আচৰিত কৰি দিয়া মন্তব্য প্ৰদান কৰিছে। শ্বাৰ্লিন চোপ্ৰাই কৈছে যে তেওঁ ৰাহুল গান্ধীক বিয়া কৰোৱাব পাৰে। কিন্তু তেওঁ ইয়াৰ সৈতে এটা চৰ্তও ৰাখিছে। যিটো শুনি এতিয়া সকলো আচৰিত হৈ উঠিছে।

Sherlyn Chopra

শ্বাৰ্লিন চোপ্ৰাৰ বৰ্তমান দিনত ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত তেওঁ তেওঁৰ বহু অনুৰাগীৰে ঘেৰি থকা দেখা গৈছে। সেই সময়তে প্ৰাক্তন ‘বিগ বছ ১৩’ৰ প্ৰতিযোগীগৰাকীক ধেমালিতে এজন পাপাৰাজীয়ে সুধিছিল যে তেওঁ ৰাহুল গান্ধীক বিয়া কৰোৱাব বিচাৰে নেকি।

Sherlyn Chopra

অভিনেত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ ধেমেলীয়াভাবে দি কয় যে- “হয় কিয় নহ’ম, কিন্তু মই বিচাৰো যে বিয়াৰ পিছত মোৰ উপাধি চোপ্ৰাই থাকিব।” শ্বাৰ্লিন চোপ্ৰাৰ এই ভিডিঅ’টো তেওঁৰ ফেন ক্লাবে ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি দিয়ে। ছচিয়েল মিডিয়াত শ্বাৰ্লিন চোপ্ৰাৰ এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ আছে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে এই ভিডিঅ’টো যথেষ্ট পচন্দ কৰিছে। লগতে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

নিজৰ সাহসী কণ্ঠৰ বাবে সদায়ে চৰ্চাত থাকে শ্বাৰ্লিন চোপ্ৰা। বিগত মাহত তেওঁ জুহু আৰক্ষী থানাত মুম্বাইৰ এজন ফাইনেঞ্চাৰৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ ৰুজু কৰি চৰ্চালৈ আহিছিল। শ্বাৰ্লিনে অভিযোগ উত্থাপন কৰিছিল যে ফাইনেঞ্চাৰগৰাকীয়ে ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ বাবে ধন দিয়াৰ অজুহাতত তেওঁৰ সৈতে শ্লীলতা হানি কৰিছিল। বাধা দিয়াত ভাবুকি আৰু গালি-গালাজ কৰিছিল।

Category
Profile picture for user UB Photos