বৰ্তমান সময়ত কোনো সুৰক্ষিত নহয়, লাগিলে সেয়া জীৱ-জন্তুৱে নহওঁক কিয়? মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ এটা পোৱালি হাতীসহ ৩টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু।
জানিবলৈ দিয়া অনুসৰি, ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী চাহ বাগিচাৰ পানীচন্দাত এই ঘটনা সংঘটিত হয়। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটো। তাৰপাছতেই এই কৰুণ ঘটনাত মৃত্যু হয় হাতীকেইটাৰ।
উল্লেখ্য যে, হাতীৰ জাকটো এখন বাৰীত সোমোৱাৰ সময়তে তামোল গছ ভাঙি পৰি বিদ্যুতৰ তাঁৰত লাগে। বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ ফলত সেই তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু হাতীকেইটাৰ। ঘটনাস্থলীত উপস্থিত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ লোক। তেওঁলোকে মৃত হাতীকেইটা পৰ্যবেক্ষণ কৰি পৰৱৰ্তী ব্যৱস্থাৰ পদক্ষেপ গ্ৰহণ কৰিব।
উল্লেখ্য় যে,এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও প্ৰায়েই বিদ্যুৎস্পৃষ্ট হৈ হাতীয়ে মৃত্যুক সাৱটি লয়। তাৰপাছতো বিভাগীয় কৰ্তৃপক্ষই কিয় জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে।
- Log in to post comments