মহানগৰীত এনকাউন্টাৰ, আৰক্ষীৰ গুলীত আহত দুজনকৈ গভাইত চোৰ......

thief

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত হৈছে দুজনকৈ গভাইত চোৰ। গুলীবিদ্ধ চোৰ দুটাৰ নাম মহিবুল হক আৰু অভিজিৎ ৰাভা বুলি জানিব পৰা গৈছে। 

thief

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে চোৰ দুটা। ভৰিত গুলী লাগি আহত হৈছে দুয়োটা চোৰ। খবৰ অনুসৰি অধিকাংশ চোৰে চুৰি কৰি নিয়া মোবাইল ফোন বিক্ৰী কৰে মহিবুলক ।

আনহাতে, দক্ষিণ শালমাৰাৰ আটক কৰিছিল চাৰিটা চোৰক। ম’বাইল ফোন চুৰিত জড়িত এই চক্ৰটো। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে পানীখাইতীত আৰু বিৰুবাৰীত আৰক্ষীৰ গুলীচালনাত আহত হয় দুই চোৰ। 
উল্লেখ্য যে, বিৰুবাৰীত আৰক্ষীৰ গুলীত আহত হয় মহিবুল হক। আনহাতে, পানীখাইতীত আৰক্ষীৰ গুলীত আহত হয় অভিজিৎ ৰাভা নামৰ চোৰটো।

Category
Profile picture for user UB Photos