ৰাজ্যত পুনৰ আন এক নৃশংস হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছে! মহানগৰীৰ যোৰাবাটত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ..........

Murder Case

ৰাজ্যত পুনৰ আন এক হত্যাকাণ্ড সংঘটিত হৈছে। ৰাজ্যত এতিয়া ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ সংঘটিত কেইবাটাও এনে হৃদয় বিদাৰক হত্যাকাণ্ডই সমাজত মানুহৰ অপৰাধৰ প্ৰৱণতা যে বৃদ্ধি পাইছে তাক প্ৰমাণিত কৰিছে। 

আন এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাটৰ ১৫ মাইলত। যোৰাবাটত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ নাম ৰীতা বড়ো বুলি জানিব পৰা গৈছে। তেওঁৰ বাসগৃহৰ সন্মুখতে মৃতদেহটো উদ্ধাৰ হয়।

উল্লেখ্য যে, মহিলাগৰাকীক হাছমত নামৰ এজন ব্যক্তিয়ে মাজনিশা হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালে। আনহাতে, স্বামীৰ অনুপস্থিতিত হাছমতৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল বুলিও প্ৰতিৱেশীয়ে অভিযোগ কৰিছে। 

ইয়াৰোপৰি, পুৱতি নিশালৈ হাছমতৰ সৈতে মহিলাগৰাকীক একেলগে প্ৰত্যক্ষ কৰা বুলিও স্থানীয় লোকে জনায়। উল্লেখ্য যে, এই ঘটনাৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা হাছমত সম্প্ৰতি পলাতক অৱস্থাত আছে। 

ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।
 

Category
Profile picture for user UB Photos