প্ৰেমে নামানে কোনো বাধা! সেয়েহে স্বামী স্কুলত থকাৰ সুবিধালৈ পত্নী পলাই গ'ল দমকল মিস্ত্ৰীৰ লগত....

Love

এই আজৱ ঘটনা সংঘটিত হৈছে ডবকাৰ উদমাৰীত । সকলো বাধা নেওচি স্বামীক এৰি দমকল মিস্ত্ৰীৰ সৈতে পলাই গ'ল দুই সন্তানৰ মাতৃ।

এজন প্ৰধান শিক্ষকৰ সুন্দৰী পত্নীয়ে এজন দমকল মিস্ত্ৰীৰ সৈতে পলাই যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডবকাত । মহিলাগৰাকী নিখোঁজ হোৱাত পৰিয়ালৰ লোকে অপহৰণ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল আৰক্ষী থানাত। কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল ওৰহিৰ ওৰ, যে অপহৰণ নহয়, অবৈধ প্ৰেমিকৰ সৈতে পলাই গৈছে মহিলাগৰাকী।

love

উল্লেখযোগ্য যে, প্ৰধান শিক্ষক স্বামীৰ অজানিতে এজন দমকল মিস্ত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল পত্নীয়ে। স্বামীক স্কুল ব্যস্ত থাকে, পত্নী ব্যস্ত থাকে প্ৰেমত। আৰু অৱশেষত স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাই যায় মহিলাগৰাকী। পত্নী সন্ধানহীন হৈ পৰাত স্বামীয়ে অপহৰণৰ এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰেমিক–প্ৰেমিকাক উদ্ধাৰ কৰি সোধা–পোছা চলায়।

Category
Profile picture for user UB Photos