যুৱকৰ পৰা যুৱতীলৈ, সহজ নহয় এই যাত্ৰা! পুৰণি ফটো দেখি হতভম্ব হ'ব আপুনিও; সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন......

ella

বৰ্তমান বিজ্ঞানৰ ষুগ । এই বিজ্ঞানৰ যুগত সকলো সম্ভৱ । বহুতে ইতিমধ্যে বিভিন্ন অসম্ভৱকো সম্ভৱ কৰি তুলিছে । আজি আমি আপোনালোকক তেনে এক কাহিনী বিষয়ে ক'ব ওলাইছো । 

কেতিয়াবা কিছুমান কাহিনীয়ে আমাৰ হৃদয় স্পৰ্শ কৰে, লগতে আগবাঢ়িবলৈও উৎসাহিত কৰে। এনেকুৱাই এটা কাহিনী Ella D Vermaৰো হয়। আপোনালোকক আমি এনে এগৰাকী সুন্দৰী যুৱতীৰ কাহিনী কবলৈ লৈছো, যিগৰাকী প্ৰথমে যুৱক আছিল।

ella

হয়, মিছ ইণ্ডিয়া ট্ৰাঞ্চ কুইন ২০২৩ৰ ৰানাৰ-আপ খিতাপ দখল কৰা এল্লা ডি বৰ্মাৰ। এল্লা জন্মৰ পৰা যুৱতী নাছিল, তেওঁ নিজৰ শৰীৰটোৰ Transformation কৰোৱাই যুৱকৰ পৰা যুৱতী হৈছে। Ella এগৰাকী মডেল হয়। Ellaই নিজৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। কিন্তু এই যাত্ৰা তেওঁৰ বাবে সহজ নাছিল। 

ella

ট্ৰাঞ্চ কুইন Ellaৰ কাহিনী :
Ella D Verma দিল্লীৰ বাসিন্দা। তেওঁৰ পঢ়া-শুনা তাতেই হৈছে। যেতিয়া তেওঁৰ জন্ম হৈছিল, তেতিয়া ঘৰৰ মানুহে ভাবিছিল যে তেওঁ ল'ৰা হয়। কিন্তু যেতিয়াই ডাঙৰ হৈ আহিল, তেওঁৰ ব্যক্তিত্ব ছোৱালীৰ দৰে হৈ উঠিল। দাঢ়ি আৰু মুচ থকা ছোৱালী। 

Ella নিজমুখে নিজৰ শৈশৱ আৰু বেয়া সময়ৰ কথা শ্বেয়াৰ কৰিছিল ।

ELLAই কৈছিল, "মই স্কুলৰ আটাইতকৈ চোকা ছাত্ৰ আছিলো। মই গান গাই, নাচি, খেল আৰু থিয়েটাৰৰ ৰাপ আছিল। কিন্তু মোৰ সকলো বস্তুক হাঁহিয়াতৰ পাত্ৰ সজাইছিল। খেল পথাৰত গৈছিলো, তেতিয়া কোনোৱে মোৰ লগত খেলিব বিচৰা নাছিল।"

"মোক ইমানেই জোকোৱা হৈছিল যে মই নিজৰ ৰাপবোৰো আধাতে এৰি দিছিলো। মই সকলো বন্ধু-বান্ধৱী মোৰ পৰা দূৰত গুচি গ'ল। আনকি যিসকল শিক্ষক-শিক্ষয়িত্ৰী মোক সমৰ্থন কৰিব লাগিছিল। তেওঁলোকেও মোক ধেমালি হিচাপে লৈছিল। সেই সময়ত যি মই অকলশৰীয়া অনুভৱ কৰিছিলো, সেয়া মই দ্বিতীয়বাৰ অনুভৱ কৰিব বিচৰা নাছিলো।"

লগতে Ellaই  কয় যে :

ella


মই এনুৱেল ডেৰ কাৰণে থিয়েটাৰত অনুশীলন কৰি আছিলো। তেতিয়া এজন ল'ৰা আহিল আৰু সি মোৰ পেণ্ট খুলি দিলে। মই একো কৰিব নোৱাৰিলো। মই বুজি পোৱা নাছিলো যে কি কৰিব লাগে। মই নিজকে লৈ আত্মবিশ্বাস হেৰুৱাই দিছিলো। মোক কোৱা হৈছিল যে ল'ৰাৰ দৰে ব্যৱহাৰ কৰা, কিন্তু কোনোৱে মোৰ সমস্যা বুজি পোৱা নাছিল। এল্লাৰ সৰুকালত নাম আছিল দেৱ। দেৱে সদায়ে অনুভৱ কৰিছিল যে তেওঁ ভুল শৰীৰত জন্ম হৈছে।

স্কুলৰ পিছত সলনি হ'ল জীৱন :

ella
Ellaই কয় যে, সেইকেইটা দিনত মই কেৱল এই কথাটোৱে ভাবিছিলো যে কেতিয়া স্কুল শেষ হ'ব আৰু মই এইবোৰৰ পৰা দূৰত যাম। মই এদিন সাহস কৰি মাক সকলো কথা ক'লো। পৰিয়ালৰ বাবে এয়া আচৰিত আছিল।
কিন্তু তেওঁলোকে কৈছিল একো নহয় লাহে-লাহে সকলো ঠিক হয় যাব। তেওঁলোকে মোক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ধৰিলে। যেতিয়া একো ঠিক নহ'ল, তেতিয়া দেউতাই ক'লে তোমাক মাহীৰ ওচৰত অষ্ট্ৰেলিয়ালৈ পিয়াই দিম।
Ellaই এই কথাটো ভাবি আনন্দ পালে যে অষ্ট্ৰেলিয়ালৈ গৈ নিজৰ নতুন জীৱন আৰম্ভ কৰিম। কিন্তু তেতিয়াই লকডাউন হ'ল। লকডাউনৰ সময়তে দেৱে নিজৰ শৰীৰটোৰ Transformation কৰোৱালে আৰু নিজৰ নামো সলনি কৰি এল্লা ডি বৰ্মা ৰাখিলে।

ella


লকডাউনত মই এজন দুৰ্বল যুৱক হৈ সোমাই আছিলো, কিন্তু যেতিয়াই বাহিৰলৈ ওলালো এগৰাকী ধুনীয়া আৰু আকৰ্ষণীয় যুৱতী হৈ ওলালো। এতিয়া সকলোৰে দৃষ্টি মোক লৈ সলনি হৈছে । Transformationৰ পিছত এল্লা ডি বৰ্মাৰ সৌন্দৰ্য আৰু বাঢ়ি গ'ল। তেওঁৰ শৰীৰটো দেখি একেবাৰেই নালাগে যে তেওঁ আগত ল'ৰা আছিল।

এল্লা বৰ্তমান মডেলিঙৰ জগতত নতুন স্থান অৰ্জন কৰি আছে। তেওঁ এই সময়ত এগৰাকী সফল মডেল হয়। ছচিয়েল মিডিয়াত তেওঁৰ ফলোৱাৰ্ছো যথেষ্ট। এই কাহিনীটোৱে এই কথাটো শিকিলে যে জীৱনত যি হওক, নিজৰ ওপৰত বিশ্বাস ৰাখক। আজি Ella মিছ ইণ্ডিয়া ট্ৰাঞ্চ কুইন ২০২৩ৰ ৰানাৰ-আপ।

Category
Profile picture for user UB Photos