প্ৰেমৰ মায়াজালত সকলো হেৰুৱালে এগৰাকী কিন্নৰে; অৱশেষত ন্যায় বিচাৰি কাষ চাপিল আৰক্ষীৰ.....

Love

প্ৰেম সকলোৰে বাবে একে । এইখন অসমতে প্ৰেমৰ মায়াজালত সৰ্বস্বান্ত হ'ল এগৰাকী কিন্নৰ। এই ঘটনা নগাঁৱৰ । 

লাওঁখোৱাৰ ৩নং ভূৰবন্ধা শান্তিবজাৰৰ ছাদ্দাম হুছেইন নামৰ যুৱকজনে মৈৰাবাৰী লেংৰীবড়ীৰ পুজা কুমাৰী নামৰ এগৰাকীৰ কিন্নৰক বিয়াৰ প্ৰলোভন দি কৰিলে প্ৰতাৰণা। আজিৰ পৰা ৫ বছৰ পূৰ্বে দুয়ো বিবাহপাশত আবদ্ধ হৈ ৰচিছিল সুখৰ সংসাৰ। কিন্নৰ গৰাকীয়ে উৰ্পাজন কৰা সকলো টকা পইচা দিছিল ছাদ্দাম হুছেইনক। 

love

খবৰ অনুসৰি, প্ৰথম অৱস্থাত পুজা কুমাৰী এগৰাকী কিন্নৰ আছিল, কিন্তু বিয়াৰ পিছত পুজাৰ লিংগ সলনি কৰোৱাইছিল ভণ্ড প্ৰতাৰক প্ৰেমিক ছাদ্দাম হুছেইনে। তাৰ পাছতে দুয়োৰে মাজত বিচ্ছিন্ন হৈ পৰে যোগাযোগ। কিন্নৰ গৰাকীয়ে স্বামী ছাদ্দাম হুছেইনক যোগাযোগ কৰিব বিচাৰে যদিও পলাই ফুৰে প্ৰেমিক ছাদ্দামে। 

উল্লেখযোগ্য যে, কিন্নৰ গৰাকীক ছাদ্দামে বিয়া পাতি কেৰালালৈ গৈ বহু দিন দুয়ো কৰিছিল ঘৰ সংসাৰ। এতিয়া গ্ৰহণ নকৰি পলায় ফুৰিছে ছাদ্দামে। কিন্নৰৰ দাবী "টকা ঘূৰাই দিয়ক নহলে গ্ৰহণ কৰক"। 

প্ৰতাৰিত, ৰাম ঠগন খোৱা কিন্নৰৰ তিনিজনীয়া এটি দল বুধবাৰে আহি উপস্থিত হয় আমবাগান আৰক্ষী চকীত। আৰক্ষীক লগত লৈ ছাদ্দামৰ ঘৰত উপস্থিত হয় কিন্নৰ সকল। ছাদ্দামক বিচাৰি নাপাই যদিও ছাদ্দামৰ ঘৰৰ লোকে অস্বিকাৰ কৰে তেওঁলোকৰ বিবাহৰ কথা। কিন্নৰৰ এটাই দাবী তেওঁৰ পৰা লোৱা সকলো টকা ঘূৰাই দিয়ক নহলে পত্নী হিচাপে গ্ৰহণ কৰক। অন্যথা আত্মহত্যাৰ কৰাৰ হুংকাৰ প্ৰদান কৰে কিন্নৰ পুজাই । 
 

Category
Profile picture for user UB Photos