সাৱধান! পুনৰ চাকৰিৰ প্ৰলোভনেৰে অসমৰ যুৱতীক বহিঃৰাজ্যত বিক্ৰী.........

marriage

মানৱ সৰবৰাহ চক্ৰৰ ফান্দত পৰিছে অসমীয়া যুৱতী। এইবাৰ ডিব্ৰুগড়ৰ এগৰাকী ২২ বছৰীয়া যুৱতীক চাকৰিৰ প্ৰলোভন দি লৈ গ'ল হাৰিয়ানা লৈ। 

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত চাকৰিৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি ২২ বছৰীয়া যুৱতীগৰাকীক বিক্ৰী কৰা হৈছে হাৰিয়ানাত আৰু ৰাজ্যখনৰ জিন্দ জিলাত বলপূৰ্বকভাৱে স্থানীয় এগৰাকী ব্যক্তিৰ সৈতে বিয়াত বহিবলৈ বাধ্য কৰোৱা হৈছে ডিব্ৰুগড়ৰ যুৱতী গৰাকীক।

Marriage

এই সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীক দিয়া এজাহাৰত ভিত্তিত ডিব্ৰুগড় জিলাৰে লক্ষ্মী নামৰ আন এগৰাকী মহিলাৰ সৈতে তেওঁৰ চিনাকি আছিল। লক্ষ্মীয়ে তেওঁক চাকৰি দিয়াৰ অজুহাতেৰে জিন্দলৈ লৈ গৈছিল আৰু তাতে স্থানীয় কবিতা নামৰ এগৰাকী মহিলাক ২৫ হাজাৰ টকাত বিক্ৰী কৰিছিল তেওঁক।

উল্লেখযোগ্য যে, বিগত ৩ জুনত কবিতাই সন্দীপ ওৰফে কালা নামৰ ব্যক্তিগৰাকীৰ সৈতে তেওঁক বিয়াত বহিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ কৰিছে যুৱতীগৰাকীয়ে। জিন্দৰ পৰা কোনোমতে পলায়ন কৰি এতিয়া আৰক্ষীৰ কাষ চাপিছে ডিব্ৰুগড়ৰ যুৱতীগৰাকীয়ে । যুৱতীগৰাকীৰ অভিযোগ সন্দৰ্ভত স্থানীয় এগৰাকী আৰক্ষী বিষয়াই বলপূৰ্বকভাৱে বিবাহ কৰোৱাৰ অভিযোগত অভিযুক্ত তিনিগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি অভিযুক্ত লক্ষ্মী, কবিতা সন্দীপৰ বিৰুদ্ধে অপহৰণ, মানৱ সৰবৰাহৰ লগতে অন্যান্য প্ৰাসংগিক অভিযোগত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Category
Profile picture for user UB Photos