
বুঢ়াচাপৰি অভয়াৰণ্যত অনাধিকাৰ প্ৰৱেশ কৰা লোকলৈ লক্ষ্য কৰি বনবিভাগৰ গুলীচালনা। এই গুলাচালনাত এগৰাকী মহিলা নিহত হোৱাৰ বিপৰীতে আহত হৈছে ৪জনকৈ লোক। বুঢ়াচাপৰি অভয়াৰণ্যত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

আনহাতে, এই ঘটনাত আহতসকল হ'ল ক্ৰমে আহমদ আলী, ৰমজান আলী, ছমছেৰ আলী আৰু ফাটেমা খাতুন। লগতে ৰহিমা খাতুন নামৰ আন এগৰাকী গুলীবিদ্ধ মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে । ঘটনা অনুসৰি এইসকলৰ বিৰুদ্ধে বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত পূব লাঠিমাৰীৰ উচ্ছেদিত ভূমিত বাসগৃহ বনাই পুনৰ বেদখল কৰাৰ অভিযোগ বনবিভাগৰ।

উল্লেখযোগ্য যে, সোমবাৰে উক্ত অঞ্চলত পুনৰ উচ্ছেদ চলাবলৈ যোৱাৰ প্ৰাকমুহূৰ্তত বেদখলকাৰীসকলক বনবিভাগৰ দলটোৱে বুজনি দিছিল যদিও উন্মত্ত একাংশ লোকে চিতলমাৰী বন শিবিৰত প্ৰৱেশ কৰি বনৰক্ষীক আক্ৰমণ কৰাৰ লগতে শিবিৰটো লণ্ড-ভণ্ড কৰে।

দলটোৰ আক্ৰমণত আব্দুল ৱাহিদকে ধৰি কেইবাজনো বনকৰ্মী আহত হোৱাৰ লগতে জিলা বনবিষয়া জয়ন্ত ডেকাও আহত হয়। যাৰ বাবে বনৰক্ষীয়ে শূণ্যলৈ গুলী ফুটাই দলটোক চত্ৰ-ভংগ দিয়াবলৈ চেষ্টা চলায়। পিছে বেদখলকাৰীসকলে পুনৰ বনৰক্ষীসকলক আক্ৰমণ কৰাত উপায়ন্তৰ হৈ বনৰক্ষী দলটোৱে আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ বাধ্য হয়।
- Log in to post comments