পুনৰ বিতৰ্কত খাকী পোচাক পৰিহিত অসম আৰক্ষী । এইবাৰ তেজপুৰৰ এগৰাকী চৰিত্ৰহীন আৰক্ষী বিষয়াই কৰিলে কু-কাণ্ড। এই কু-কাণ্ড পোহৰলৈ অহাৰ পিছতে ৰাইজৰ ৰোষত পৰে অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ পৰিদৰ্শক লোহিত ৰাজবংশী। এতিয়া এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ।
এগৰাকী যুৱতীয়ে দিয়া অভিযোগ অনুসৰি,অসম আৰক্ষীৰ এই বিষয়াজনে যুৱতীগৰাকীক বাথৰুমত অন্তৰ্বাস পিন্ধি থকা গোপন ফটো প্ৰেৰণ কৰিবলৈ দিছিল আৰু তাৰ পিছতে তেজপুৰবাসী ৰাইজৰ ৰোষত পৰে আৰক্ষী বিষয়াগৰাকী। অৱশেষত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হ’ল বিষয়াগৰাকী। অৱশেষত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চৰিত্ৰহীন আৰক্ষী বিষয়াগৰাকীক ৷
উল্লেখযোগ্য যে, তেজপুৰ আৰক্ষী চাউনিত পৰিদৰ্শক সশস্ত্ৰৰূপে কৰ্মৰত এই চৰিত্ৰহীন আৰক্ষী বিষয়াজনে তেজপুৰ বৰুৱা চুবুৰীত ঘৰ সাজি থাকিবলৈ লোৱাৰ সুবাদতে এগৰাকী যুৱতীৰ মোবাইললৈ প্ৰেৰণ কৰিছিল অশ্লীল মেচেজ। বাথৰুমত অন্তৰ্বাস পিন্ধি উঠা গোপন ফটো আৰক্ষী বিষয়াগৰাকীয়ে প্ৰেৰণ কৰিবলৈ দিছিল। এই লৈ ক্ষুন্ন হৈ আছিল যুৱতীগৰাকী। যুৱতীগৰাকীয়ে আৰক্ষী বিষয়াজনক “বৰদেউতা” বুলি সম্বোধন কৰিছিল। কিন্তু পিতৃ বয়সৰ লোকেজনৰ এই কাৰ্যত অতিষ্ঠ হৈ বিগত কিছুদিনৰ পৰা যুৱতীগৰাকী আছিল এছ আই লোহিত ৰাজবংশীৰ সন্ধানত।
খবৰ অনুসৰি ,কৰ্তব্যৰ মাজতে ঘৰলৈ যোৱা আৰক্ষী বিষয়াগৰাকী বৰুৱা চুবুৰী গাওঁবাসীৰ ৰোষত পৰে। নিজৰ খাকী পোছাক পৰিধান কৰিয়েই ৰাইজৰ ওচৰত ক্ষমা খোজে আৰক্ষী বিষয়াগৰাকীয়ে আৰু ভৱিষ্যতে তেনে কাম নকৰাৰ মৌখিক প্ৰতিশ্ৰুতি দিয়ে তেওঁ। তাৰ পিছত ঘটনাস্থলীৰ পৰা তেজপুৰ আৰক্ষীৰ দলে আৰক্ষী বিষয়াগৰাকীক উদ্ধাৰ কৰি সদৰ আৰক্ষী থানালৈ লৈ আহে।
উক্ত ঘটনাৰ পিছতে তেজপুৰৰ সশস্ত্ৰ বাহিনীৰ পৰিদৰ্শক লোহিত ৰাজবংশীক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। এই কথা টুইটযোগে সদৰি কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে । লগতে পৰৱৰ্তী সময়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।
- Log in to post comments