
পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে গুৱাহাটীৰ আন এটা নিচামুক্তি কেন্দ্ৰ ! বুধবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ কাহিলীপাৰাত থকা নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যু। মৃত যুৱকজনৰ নাম নৱজিৎ কলিতা। ৩১ বছৰীয়া নৱজিৎ কলিতাৰ ঘৰ গুৱাহাটীৰ শিলপুখুৰীত। পানবজাৰ জলসিঞ্চন বিভাগত কাম কৰিছিল নৱজিতে।
নৱজিত কলিতাই অত্যাধিক সুৰাপান কৰিছিল বাবে “আকাৰ” নামৰ ৰিহেব চেণ্টাৰটোত ৰখা হৈছিল। যোৱা সোমবাৰে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল “আকাৰ” নামৰ ৰিহেব চেণ্টাৰটোত ।
উল্লেখ্য যে, ৩ দিন আগতে ভালে-কুশলে থকা যুৱকজনৰ “হঠাৎ” কেনেকৈ হ’ল মৃত্যু? ইয়াকে লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে । ইফালে যুৱকজনৰ পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে ৰিহেবিলিটেচন চেণ্টাৰৰ বিৰুদ্ধে।

পৰিয়ালৰ অভিযোগ নিশা হত্যা কৰি হায়াত হাস্পতালত ভৰ্তি কৰোৱাইছিল নৱজিৎ কলিতাক । ইফালে হায়াত মেডিকেলত ৰিহেব চেণ্টাৰটোৰ বিষয়ববীয়াই পৰিয়ালক জনাই যে তাৰ পৰা পলাই গৈছে যুৱকজন। ঘটনাটোৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ।
- Log in to post comments