পুনৰ এবাৰ আৰক্ষীৰ জালত পৰিল আৰক্ষী। আৰক্ষীৰ খাকী পোচাকত যেন পুনৰ দাগ লাগিল! কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি নিলম্বিত আৰক্ষী কনিষ্টবল। ফটাশিল আমবাৰী থানাৰ কনিষ্টবল নৃপেন্দ্ৰ কুমাৰক নিলম্বন শীৰ্ষ বিষয়াৰ।
উল্লেখ্য যে, সুৰাপান কৰি থানাতেই শুই থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত নিলম্বিত কৰা হয় ফটাশিল আমবাৰী আৰক্ষী থানাৰ কনিষ্টবল নৃপেন্দ্ৰ কুমাৰ দাসক। ইয়াৰ পূৰ্বেও কেইবাবাৰো কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰাৰ বাবেই সাৱধানবাণী দিয়া হৈছিল কনিষ্টবলজনক।
তাৰ পাছতো সাৱধান নহ'ল কনিষ্টবল নৃপেন্দ্ৰ কুমাৰ দাস । অৱশেষত আৰক্ষী কনিষ্টবল গৰাকীৰ এই কাণ্ডৰ বাবে নিলম্বন কৰে শীৰ্ষ বিষয়াই ।
- Log in to post comments