গুৱাহাটীত অনুষ্ঠিত হ’ব চাৰিখনকৈ ৱাৰ্ম আপ মেচ! কি কি দলৰ খেলুৱৈসকল আহিব গুৱাহাটীলৈ? সবিশেষ জানিবলৈ পঢ়ক......

Cricket

আগন্তুক ICC এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ চাৰিখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত । ইতিমধ্যেই সাজু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম সাজু হৈছে ৱাৰ্ম আপ মেচৰ বাবে । ভাৰত, ইংলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান দলৰ খেলুৱৈসকল আহিব গুৱাহাটীলৈ। 

উল্লেখ্য যে, ২৯, ৩০ ছেপ্টেম্বৰ আৰু ২, ৩ অক্টোবৰত হ’ব এই  ৱাৰ্ম আপ মেচ । ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ খেল নাপালেও, গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম এতিয়া সাজু হৈছে বিশ্বকাপৰ প্ৰাক মুহূৰ্তৰ চাৰিখন ৱাৰ্মআপ মেচ অনুষ্ঠিত কৰাৰ বাবে। 

আনহাতে, ৱাৰ্ম আপ মেচৰ বাবে গুৱাহাটীলৈ আহিব ঘৰুৱা টীম ইণ্ডিয়া, ইংলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান দেশৰ ক্ৰিকেটাৰ। বিশ্বকাপ ক্ৰিকেটৰ খেল আয়োজনৰ দায়িত্ব নাপালে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামে। বিশ্বকাপৰ মুল খেলৰ আয়োজনৰ দায়িত্ব নাপালেও, অসম ক্ৰিকেটে পালে চাৰিখন ৱাৰ্ম আপ মেটছ অনুষ্ঠিত কৰাৰ দায়িত্ব।

উল্লেখযোগ্য যে, ২৯,৩০ ছেপ্টেম্বৰ আৰু ২,৩ অক্টোবৰত গুৱাহাটীত হ’ব ৫০ অভাৰৰ এদিনীয়া খেল। ২ অক্টোবৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’ব ৱাৰ্ম আপ মেচ। চাৰিখন ৱাৰ্ম আপ মেচতে দৰ্শকৰ সুবিধাৰ বাবে ACAই ধাৰ্য কৰিছে ন্যূনতম নিৰিখৰ টিকট । 
 

Category
Profile picture for user UB Photos