নিজৰ ছাৰ্ভিচ ৰাইফলেৰে মূৰত গুলিয়াই আত্মহত্যা তেজপুৰৰ CRPF জোৱানৰ; কিয় এনে কাণ্ড কৰিলে CRPF জোৱান জনে?

Pranjal Nath

সোমবাৰে ঝাৰখণ্ডত তেজপুৰৰ এজন CRPF জোৱানে আত্মহত্য়াৰ দৰে চৰম পথ বাচি লয় । পুৱতি নিশা ৩ মান বজাত এই শোকাৱহ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। ঝাৰখণ্ডত চিয়ানকিত থকা CRPFৰ মুখ্য কাৰ্যালয়ৰ ১১২ বেটালিয়নত সংঘটিত হয় এই আত্মহত্যাৰ ঘটনা ।

Pranjal Nath

উল্লেখ্য যে, আত্মহত্যাৰ পথ বাচি লোৱা জোৱানজনৰ নাম প্ৰাঞ্জল নাথ বুলি জানিব পৰা গৈছে । প্ৰাঞ্জল নাথৰ ঘৰ তেজপুৰৰ পিঠাখোৱাত । খবৰ অনুসৰি, জোৱানজনে নিজ কাৰ্যালয়তে নিজৰ ছাৰ্ভিচ ৰাইফলেৰে মূৰত গুলিয়াই কৰে আত্মহত্যা ।

অৱশ্যে এই পৰ্যন্ত প্ৰাঞ্জলে কিয় এই পথ বাচি ল’লে সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ।

Category
Profile picture for user UB Photos