কেতিয়াও নুশুনা এক আচৰিত কথা! "ভিক্ষাৰী" তাকো বিশ্বৰ ভিতৰত হেনো আটাইতকৈ "ধনী ভিক্ষাৰী": তেওঁৰ সম্পত্তিৰ তালিকা শুনিলে আপুনিও হ’ব আচৰিত.......

beggar Bharat Jain

বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী কোন হয়?কিমান সম্পত্তি আছে তেওঁৰ? সবিশেষ জানিবলৈ পঢ়ক.....

ভিক্ষাৰী বুলি ক'লে আমি কি বুজো? আচলতে ভিক্ষাৰী বুলি ক'লে আমাৰ মনলৈ এনে লোকৰ ধাৰণা আহে, যাৰ থাকিবলৈ ঘৰ নাই, কাপোৰ-কানি অপৰিস্কাৰ আৰু আৰ্থিকভাবে দুৰ্বল হয়।

কিন্তু আপুনি বাৰু জানেনে বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী কোন হয়?তেওঁৰ মুঠ সম্পত্তি কিমান? আজি আমি আপোনালোকক জনাম বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী "ভৰত জৈন"ৰ বিষয়ে কিছু কথা ।

beggar

মুম্বাইত বাস কৰে বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভৰত জৈন। ভৰত জৈনে মুম্বাইৰ প্ৰায় প্ৰতিটো ৰাস্তাতে ভিক্ষা খোজে। খবৰ অনুসৰি দৰিদ্ৰতাৰ ফলত তেওঁৰ পঢ়া-শুনা নহ’ল, তাৰ পিছতে তেওঁ মুম্বাইত ভিক্ষা খুজিবলৈ ধৰিলে।

বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভৰত জৈন বিবাহিত আৰু তেওঁৰ পৰিয়ালত আছে পত্নী, দুটি শিশু, এজন ভায়েক আৰু পিতৃ। দুটি শিশুৰে পঢ়া-শুনা সম্পূৰ্ণ হৈ উঠিছে ।

আহক জানো কিমান সম্পত্তিৰ মালিক ভৰত জৈন...

মুম্বাইত বাস কৰে ভৰত জৈন আৰু তেওঁৰ মুঠ সম্পত্তি ৭.৫ কোটি টকা (১ মিলিয়ন ডলাৰ) বুলি কোৱা হয়। তেওঁ ভিক্ষা খুজি প্ৰতিমাহে ৬০,০০০-৭৫,০০০ টকা উপাৰ্জন কৰে আৰু তেওঁৰ মুম্বাইত ১.২ কোটি টকাৰ দুটা বেডৰুম থকা ফ্লেট আছে। কেৱল এয়াই নহয়, মুম্বাইৰ থানেত দুখন দোকান আছে যাৰ পৰা ৩০,০০০ টকা উপাৰ্জন হয়। ভৰত জৈন ছত্ৰপতি শিৱাজী টাৰ্মিনেছ আৰু আজাদ মৈদান এলেকাত ভিক্ষা খোজে।

beggar

এফালে য’ত মুম্বাইত মানুহে ১২-১৪ ঘণ্টা কাম কৰে, তাৰ পিছতো তেওঁলোকে মাহত ৮-১০ হাজাৰ টকা উপাৰ্জন কৰে, আনফালে ভৰত জৈনে ইমান সময়তে দুই-আঢ়ৈ হাজাৰ টকা উপাৰ্জন কৰে। এতিয়া ভৰত জৈনৰ পৰিয়ালটো আৰ্থিকভাবে সুখী কিন্তু তেওঁ এতিয়াও ভিক্ষা খুজিয়েই উপাৰ্জন কৰে।

তদুপৰি পৰিয়ালৰ লোকে তেওঁক এতিয়া ভিক্ষা খুজিবলৈ বাধা দিয়ে কিন্তু তেওঁ নামানে। ভৰত জৈনৰ কাহিনী এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতো তেওঁক এতিয়াও মানুহে চিনি নাপায়। কাৰণ তেওঁৰ অৱস্থা আৰু স্বভাৱ দেখি আজিও তেওঁক মানুহে ভিক্ষা দিয়ে।

Category
Profile picture for user UB Photos