৪ যুৱকৰ উদ্ভণ্ডালি! সুৰাপানত বাধা দিয়াৰ বাবেই জ্বলাই দিলে ধাবা.......

fire

কোন দিশে গতি কৰিছে এচাম যুৱক-যুৱতী? চন্দ্ৰপুৰত ধাবা জ্বলাই প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ জালত নলবাৰীৰ ৪জন উদণ্ড যুৱক ।

উল্লেখ্য যে, চন্দ্ৰপুৰৰ পশ্চিম মায়ংস্থিত "হলং" নামৰ ধাবাত নিশা অগ্নিসংযোগ কৰিছিল ৪ উদণ্ড যুৱকে । প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই চানমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰে এই ৪ যুৱকক। ধৃত যুৱক চাৰিজন নলবাৰীৰ অভিলাশ চৌধুৰী, কুলদ্বীপ শৰ্মা, জ্যোৰ্তিময় কাশ্যপ আৰু প্ৰজ্ঞান কাশ্যপ বুলি জানিব পৰা গৈছে।

fire


 
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বৃহস্পতিবাৰে নিশা AS 03H 9373 নম্বৰ বাহন খনেৰে আহি চাৰি যুৱকে "হলং"  নামৰ ধাবাত সুৰাপান কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। নিশা ১২ বজাৰ লগে লগে কৰ্মচাৰীয়ে বন্ধ কৰিবলৈ ওলাইছিল ধাবাখন ।

fire

সেই সময়তে উপস্থিত হয় সুৰামত্ত ৪ যুৱক আৰু তেওঁলোকে ধাবাত বহি সুৰাপান কৰিম বুলি কয় যদিও কৰ্মচাৰীসকলে ধাবা বন্ধ হোৱা বুলি কোৱাৰ পিছত যুৱককেইজনে অশ্লীল ভাষাৰে গালি পাৰি সেই স্থানৰ পৰা পুনৰ মায়ঙৰ ফালে গুচি যায় । তাৰ পিছত ধাবাখনৰ গৰাকী আৰু কৰ্মচাৰীও তাৰ পৰা গুচি যায়। কিন্তু কিছুসময়ৰ পিছত ধাবাখনৰ গৰাকীলৈ ফোন যায় যে তেওঁৰ ধাবাখনত জুই লাগিছে।

fire

এতিয়া গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, সেই সুৰামত্ত যুৱকৰ দলটো গুৱাহাটীৰ ফালে নগৈ পুনৰ মায়ঙৰ ফালে যোৱাই সন্দেহ কৰিছে যে তেওঁলোকে পুনৰ উভতি আহি ধাবাখনত জুই লগায় তাৰ পৰা পলাই যায়।
 

Category
Profile picture for user UB Photos