ৰাজ্যত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা আন এক ঘটনা । ইটোৰ পিছত সিটো অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰাত তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যত । যোৰহাটৰ পাছত এইবাৰ গোলাঘাট বোৱাৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল পৰ্ণ চাই়ডত ।
উল্লেখ্য যে, যোৰহাটৰ পৰ্ণ ভিডিঅ' কাণ্ডৰ পাছত এইবাৰ তোলপাৰ লগাইছে গোলাঘাট জিলাৰ সৰুপথাৰৰ সীমান্তৱৰ্তী মধ্যমপুৰ সোণোৱাল গাঁও ৷ পৰ্ণ চাইডত গাঁওখনৰে এগৰাকী বিবাহিত মহিলাৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছত গাঁওখনলৈ উক্ত মহিলাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সোণোৱাল গাঁৱৰ ৰাইজে ৷
আনহাতে, মহিলাগৰাকীৰ কেইবাটাও অশ্লীল ভিডিঅ' পৰ্ণ চাইডত উপলব্ধ হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল ৷
উল্লেখ্যযোগ্য যে, অসম নাগালেণ্ড সীমান্তৱৰ্তী এখন গাঁৱৰ পৰা কামৰ সন্ধানত বুলি ওলাই যোৱা মহিলাগৰাকীয়ে কাৰ চক্ৰত পৰি মায়ানগৰী মুম্বাইৰ অশ্লীল জগতত ভৰি দিলে তাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ আনহাতে, দুষ্টচক্ৰৰ কবলত পৰি সহজ-সৰল গাঁৱৰ জীয়ৰী-বোৱাৰী যাতে এনে কাণ্ডত লিপ্ত হ'ব নোৱাৰে তাৰবাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে গাঁওবাসীয়ে ৷
- Log in to post comments