হঠাৎ কিয় অভিনয়ৰ পৰা বিৰতি ল'লে সামান্থাই? কি হ'ল দক্ষিণৰ তাৰকা গৰাকীৰ?....

SamanthaRuthPrabhu

দক্ষিণৰ তাৰকা সামান্থা ৰুথ প্ৰভুৱে দীঘলীয়া বিৰতি ল’ব অভিনয়ৰ পৰা । এতিয়া আৰু তেওঁ কোনো নতুন ছবিত চহী নকৰে ।  ইতিমধ্যে আগন্তুক কিছুমান প্ৰজেক্টৰ এডভান্স পেমেণ্ট ঘূৰাই দিছে অভিনেতাগৰাকীয়ে ।

Samantha

খবৰ অনুসৰি, সামান্থাই কামৰ পৰা দীঘলীয়া বিৰতি লোৱাৰ পৰিকল্পনা কৰিছে। অভিনয়ৰ পৰা এবছৰৰ বিৰতি ল’বলৈ ওলাইছে তাই। অতি সোনকালে সামান্থাই তেওঁৰ আগন্তুক প্ৰজেক্ট কুছি আৰু চিটাডেলৰ ভাৰতীয় সংস্কৰণৰ শ্বুটিং শেষ কৰিব। ইয়াৰ পিছত তাই কোনো নতুন তেলেগু বা বলীউড ছবিত চহী নকৰে। 

Samantha

আনহাতে, অভিনেতাগৰাকীয়ে পূৰ্বে আগন্তুক কিছুমান প্ৰজেক্টৰ বাবে লোৱা ধন প্ৰযোজকসকলক ঘূৰাই দিছে ।

সামান্থাৰ বিবাহ বিচ্ছেদৰ প্ৰায় ডেৰ বছৰ হ'ল। বিচ্ছেদৰ পিছত, সামান্থাই নিজকে অধিক ব্যস্ত কৰি ৰাখিছে। দক্ষিণৰ তাৰকাগৰাকীয়ে এখনৰ পিছত এখন চলচ্চিত্ৰ আৰু ছিৰিজত কাম কৰি আছে।

SamanthaRuthPrabhu

ফেমিলি মেন ২-ৰ সফলতাৰ পিছৰে পৰা, অভিনেত্ৰীগৰাকীয়ে বহুতো প্ৰস্তাৱ লাভ কৰিছে আৰু বৰ্তমানৰ চিটাডেল ছিৰিজত কাম কৰি আছে। 

Samantha

উল্লেখ্য যে, তাৰকাগৰাকীৰ হাতত বহু কেইবাটাও কাম থকাৰ মাজতে অভিনয়ৰ পৰা বিৰতি বিচাৰিছে আৰু অভিনেত্ৰীগৰাকীয়েও আগতীয়া কৈ লোৱা ধন ঘূৰাই দিছে ।

খবৰ অনুসৰি, যোৱা কেইদিনমান ধৰি পেশীৰ বিষত ভুগি থকা সামান্থাই কোনো প্ৰকাৰে এই ৰোগৰ পৰা সকাহ পোৱা নাই। লগতে খবৰ পোৱা গৈছে যে সামান্থাই হাতত থকা দুয়োটা কাম সম্পূৰ্ণ কৰাৰ পিছত অভিনয়ৰ পৰা বিৰতি ল'ব। ইয়াৰ আগতে, 'যশোদা'ৰ মুক্তিৰ আগতে, তেওঁ চিকিৎসাৰ বাবে আমেৰিকালৈ যাব লগা হৈছিল, কেইমাহমান চিকিৎসাৰ পিছত, অভিনেত্ৰীগৰাকী ঘৰলৈ উভতি আহিছিল। কেইদিনমানপিছত, তেওঁক পুনৰ বেংগালুৰুৰ এখন চিকিৎসালয়ত বিষত ভৰ্তি কৰিব লগা হৈছিল। 

Samantha

সামান্থা ৰুথ প্ৰভুৱে তেওঁৰ শাৰীৰিক অসুস্থতাৰ মাজত ছবিৰ বাবে কেইবাখনো ঠাই ভ্ৰমণ কৰিব লগা হৈছিল, যাৰ বাবে অভিনেত্ৰীগৰাকী সময়ে সময়ে অসুস্থ হৈ পৰিছে, যাৰ বাবে সামান্থা ৰুথ প্ৰভুৱে বৰ্তমানৰ বাবে কাম বন্ধ কৰি নিজৰ শৰীৰৰ অধিক যত্ন ল'ব বিচাৰে। ,

Category
Profile picture for user UB Photos