পুনৰ জ্বলিছে মণিপুৰ! ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰভাণ্ডাৰ কাঢ়ি নিয়াৰ অপচেষ্টাঃ

Manipur

অশান্তজৰ্জৰ মণিপুৰত পুনৰ হিংসাত্মক ঘটনা । ইটোৰ পিছত সিটো হিংসাত্মক ঘটনাই জোকাৰি গৈছে চুবুৰীয়া ৰাজ্য মণিপুৰ। 

ৰাজ্যখনত পুনৰ সংঘটিত হৈছে ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লোট কৰাৰ অপচেষ্টা । মংগলবাৰে নিশাৰ ভাগত সংঘটিত এই হিংসাত্মক ঘটনাটো । এই ঘটনাত ২৩ জন লোক আহত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।

manipur

মণিপুৰৰ থৌবাল জিলাৰ ৩ নম্বৰ ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত স্থানীয় শ শ লোকে ভিৰ কৰি বেটেলিয়নৰ ৰাইফল, গুলী আদি লোট-পাত কৰাৰ অপচেষ্টা চলাই। সেনাৰ ফালৰ পৰা এই সন্দৰ্ভত জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, সেনাক পথত অৱৰোধ কৰি প্ৰতিবাদী লোকসকলে ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰৰ পৰা অস্ত্ৰ লোট কৰাৰ চেষ্টা কৰে।

আনহাতে, আছাম ৰাইফলছ আৰু আৰ এ এফে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হয় যদিও এইসংঘৰ্ষৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ঘটনাত আহত হৈছে ২৩ জনকৈ লোক। 

manipur

উল্লেখ্য যে, বিগত দুমাহ ধৰি ৰাজ্যখনৰ মেইতেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত চলি আছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰক নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিছে যদিও এতিয়া অব্যাহত আছে অগ্নিগৰ্ভ পৰিস্থিতি। 

manipur

ইতিমধ্যে ৰাজ্যখনৰ হিংসাত্মক ঘটনা হ্ৰাস কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ। এই পৰ্যন্ত ১২০ জন লোকৰ মৃত্যু অগ্নিগৰ্ভা মণিপুৰত আহত হৈছে ৩ হাজাৰৰো অধিক লোক। ঘৰ এৰিছে লক্ষ্যাধিক লোকে।


 

Category