বৰপেটাৰ ৬খন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ;

satra

ৰাজ্যৰ ঐতিহ্যমণ্ডিত সত্ৰ সমূহৰ ৰক্ষণাবেক্ষণ আৰু বিকাশৰ প্ৰয়াস সত্ৰ আয়োগৰ । অসমৰ সত্ৰ সমূহৰ ভূমি সমস্যাৰ পৰ্যালোচনা আৰু সমীক্ষা আয়োগৰ এটি উচ্চ স্তৰীয় বিষয়াৰ দলে আজি বৰপেটা জিলাৰ ৬খনকৈ সত্ৰ পৰিদৰ্শন কৰে। সত্ৰ আয়োগে পৰিদৰ্শন কৰা ৬ খন সত্ৰ হৈছে বৰপেটা সত্ৰ,পীড়লা সত্ৰ,সুন্দৰীদিয়া সত্ৰ,,চূণপৰাভিটা সত্ৰ,পাটবাউসীৰ শ্ৰী শ্ৰী দামোদৰদেৱ স্থাপিত আদি সত্ৰ,আৰু শ্ৰীমন্ত শংকৰদেৱ থান ।

প্ৰথমে দলটোৱে বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পীড়লা সত্ৰৰ নামত থকা ভূখণ্ড পৰিদৰ্শন কৰি ইয়াৰ পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শন কালত উপস্থিত থাকে পীড়লা সত্ৰৰ বৰ্তমানৰ অধিকাৰী  দ্বীপেন গোস্বামী, বৰপেটা জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত  খনীন্দ্ৰ দাস আৰু চেঙাৰ ৰাজহ চক্ৰ বিষয়া ৰীমা কৌশিকো। আনহাতে সত্ৰ আয়োগৰ দলটোত ইয়াৰ উপদেষ্টাত্ৰয় ৰমেশ বৰপাত্ৰ গোহাঁই, তপন কুমাৰ হাজৰিকা আৰু ড: অমিয় কুমাৰ শৰ্মাৰ উপৰি অধিবক্তা পাৰ্থ প্ৰতীম বৰুৱা, পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা, তথ্য আৰু সমন্বয়ক অতুল দাসো উপস্থিত থাকে। অধুনালুপ্ত প্ৰাচীন সত্ৰখনৰ নামত থকা মাটিৰ তথ্য সমূহৰ চৰজমিন পৰ্যালোচনা কৰে তেওঁলোকে। 

satra

ইয়াৰ পিছত দলটো উপস্থিত হয় ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰ । তালৈ গৈ তাত ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে সত্ৰৰ ভূমি সমস্যা আৰু পৰিচালনা পদ্ধতি সম্পৰ্কে  আলোচনাত মিলিত হয়। তাৰপিছত দলটো বৰপেটা সত্ৰলৈ গৈ তাত ডেকা সত্ৰাধিকাৰ গৌতম পাঠক, পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাস, বৰপেটাৰ চক্ৰ বিষয়া নুপূৰ বৰা, বাঘবৰৰ চক্ৰ বিষয়া সোণাবৰ চুতীয়া আদিৰ সৈতে আলোচনাত মিলিত হয়। 

satra

আনহাতে, আয়োগৰ বিষয়া সকলে পৰিচালনা সমিতি সমূহৰ প্ৰতি কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ‌ও আগবঢ়ায়। আয়োগৰ দলটি বৰপেটাত মহাপুৰুষ শংকৰদেৱ স্থাপিত চূণপৰাভিটা সত্ৰ, পাটবাউসীৰ শ্ৰী শ্ৰী দামোদৰদেৱ স্থাপিত আদি সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ থান পৰিদৰ্শন  কৰি ইয়াৰ অধিকাৰ আৰু পৰিচালনা সমিতিৰ সৈতে পুনৰ আলোচনাত মিলিত হয়।তদুপৰি দলটোৱে এই সত্ৰ সমূহৰ সৈতে জড়িত হৰিজানা, ধেনুভঙা আদি বিলো পৰিদৰ্শন কৰে। 

Satra

উল্লেখযোগ্য যে, ৰাজ্যখনৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়টো নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে ২০২১ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই সত্ৰ আয়োগখন গঠন কৰিছিল। আয়োগৰ দায়িত্ব লৈয়ে অধ্যক্ষ আৰু সদস্য সকলে সেই বছৰৰ ডিচেম্বৰ মাহত প্ৰথমেই বৰপেটা জিলাৰ বিভিন্ন সত্ৰ পৰিদৰ্শন কৰিছিল।

Category
Profile picture for user UB Photos