নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ লকআপৰ ভিতৰত কিশোৰীক “উলংগ” কৰি ফটো সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল OC বিমান ৰয়ৰ বিৰুদ্ধে। ঘটনাৰ পিছৰে পৰা বৰ্তমানো ৰয়ক পলাতক হৈ আছে OC বিমান চন্দ্ৰ ৰয় ।
আনহাতে, OC বিমান চন্দ্ৰ ৰয়ৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে DGP জি পি সিঙে। তাৰপাছতো কিন্তু সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বিমান ৰয়ৰ । ক'ত গ'ল OC বিমান চন্দ্ৰ ৰয় ?
উল্লেখ্য যে, এতিয়াও সন্ধান নাই ঘগ্ৰাপাৰ থানাৰ চাকৰিৰ পৰা বৰ্খাস্ত হোৱা OC বিমান ৰয়ৰ। বৃহস্পতিবাৰে আবেলিৰ পৰা পলাতক হৈ আছে আৰক্ষী বিষয়াগৰাকী। ৪০ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো কোনো সন্ধানে লাভ কৰা নাই আৰক্ষীয়ে।
জানিব পৰা মতে, বৃহস্পতিবাৰে থানাত তদন্তৰ পিছতে থানাখনৰ পৰা পলায়ন কৰে বিমান ৰয়ে। পলাতক বিমান ৰয়ক বিচাৰি বৰ্তমানো অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
- Log in to post comments