
১২ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈছিল মৃতদেহ। প্ৰেমজনিত কাৰণতে জোনালী নাথক হত্যা কৰাৰ সন্দেহ ।
সদ্যপ্ৰয়াত জোনালীৰ জ্যেষ্ঠ কন্যা ধৃতিময়ী নাথৰ পঢ়াৰ খৰচৰ বাবে আৰ্থিক সাহায্য আগবঢ়ালে মন্ত্ৰী অশোক সিংঘলে। আজি জোনালী নাথৰ বাসগৃহত উপস্থিত হৈ ধৃতিময়ীৰ পঢ়াৰ খৰচৰ বাবে ১ লাখ ৪০ হাজাৰ টকা আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে । ধৃতিময়ী বৰ্তমান বিএছচি নাৰ্ছিঙৰ ছাত্ৰী ।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জোনালী নাথক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈছিল মৃতদেহ। ইতিমধ্যে জোনালী নাথৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। এই ঘটনাই সমগ্ৰ অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
- Log in to post comments