শিক্ষিত সমাজক লজ্জানত আন এক ঘটনা সংঘটিত হৈছে কামৰূপৰ বামুন্দীৰ দেৱলীয়াপাৰাত । পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ৯৩ বছৰীয়া বৃদ্ধ পিতৃ । গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধ পিতৃগৰাকীৰ নাম জ্যোতিষ মেধী ।
উল্লেখ্য যে, ৰে'লৱে বিভাগ আৰক্ষীত কৰ্মৰত কনিষ্ঠ পুত্ৰ হিতেশ মেধীয়ে কোৰাচ , লাঠি, টৰ্ছৰে আক্ৰমণ কৰে বৃদ্ধ পিতৃ জ্যোতিষ মেধীক । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জ্যোতিষ মেধী ।
জানিব পৰা মতে, চাৰি গৰাকী পুত্ৰৰ পিতৃ জ্যোতিষ মেধী । চাৰিজন পুত্ৰৰে তিনিজন পুত্ৰই চৰকাৰী চাকৰিত কৰ্মৰত । প্ৰথম পুত্ৰ অমূল্য মেধী CRPF কৰ্মৰত, দ্বিতীয় পুত্ৰ মাধৱ মেধী ব্যৱসায়ী ,তৃতীয় পুত্ৰ দীনেশ মেধী বেটেলিয়ন APBN6ত কৰ্মৰত, আনহাতে কনিষ্ঠ পুত্ৰ অৰ্থাৎ আক্ৰমণকাৰী হিতেশ মেধী RPFত কৰ্মৰত ।
অৱশেষত কনিষ্ঠ পুত্ৰৰ প্ৰহাৰত আহত হোৱা দুৰ্ভগীয়া পিতৃ-মাতৃয়ে শুৱালকুছি আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ।
- Log in to post comments