অসমীয়াৰ স্বাভিমানত পুনৰ কুঠাৰাঘাত অসম চৰকাৰৰ, মহাভাৰতৰে সম্পৰ্ক থকা ঐতিহাসিক দীঘলীপুখৰী গ’ল বনিয়াৰ হাতলৈ।

Dighalipukhuri

গুৱাহাটীৰ মাজমজিয়াত থকা সৌন্দয্যৰ আকৰ, গুৱাহাটীৰ গৌৰৱ হৈছে দীঘলীপুখুৰী ।প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই তেওঁৰ কন্যা দীঘলীৰ নামেৰে খন্দোৱা এই পুখুৰী এতিয়াৰে পৰা গুজৰাটীৰ তত্বাৱধানত থাকিব। এক কথাত ক'বলৈ গ'লে অসমীয়াৰ আৱেগক বিক্ৰী কৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে।

জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বি জে পি চৰকাৰখনে অসমৰ সকলো সম্পদ এপদ এপদকৈ বিক্ৰী কৰিছে বনিয়াৰ হাতত । মহাভাৰতৰে সম্পৰ্ক থকা ঐতিহাসিক দীঘলীপুখুৰী ৰাজ্য চৰকাৰে গতালে গুজৰাটী বনিয়াক। 

উল্লেখ্য যে, 'ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড' নামৰ গুজৰাটৰ আহমেদাবাদৰ প্ৰতিষ্ঠানটোক দীঘলীপুখুৰীৰ লগতে পাৰ্ক, ৰেস্তোৰাঁ, নৌকা আদি সকলো ১৫বছৰৰ বাবে আবণ্টন দিছে পর্যটন বিভাগে। অসম চৰকাৰে উন্নয়নৰ নামত বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অসমলৈ ৰঙা দলিচাৰে আদৰণি জনাইছে। 

অতি শেহতীয়াকৈ দীঘলীপুখুৰী গুজৰাটৰ বনিয়াক গতোৱাৰ কথা ফাদিল কৰিছে আম আদমি পাৰ্টীৰ নেতা জিতুল ডেকাই । এই সন্দৰ্ভত আপৰ উপ-সভাপতি জিতুল ডেকাই কয় যে, "এই দীঘলীপুখুৰীৰ পাৰ্ক, ৰেস্তোৰাঁ আগতে এগৰাকী অসমীয়া লোকে চলাইছিল। নাওঁ কেইখন চলাইছিল বিভাগে নিজে। কিন্তু হঠাৎ চৰকাৰে এনেদৰে গুজৰাটৰ ব্যৱসায়ীক গটাই দিয়া কাৰ্যই সফল অসমীয়া ব্যৱসায়ীসকলক আচৰিত কৰি তুলিছে ।"

লগতে তেওঁ কয় যে,  "চৰকাৰৰ নজৰত দীঘলীপুখুৰীৰ পর্যটন ক্ষেত্ৰখন চলাব পৰা কোনো অসমীয়া উদ্যোগী নোলাল। সেয়ে গুজৰাটৰ ব্যৱসায়িক দীঘলী পুখুৰী গতালে ।"

Category
Profile picture for user UB Photos