গুণোৎসৱত দুৰ্বল ফলাফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ! দিলে এই বিশেষ নিৰ্দেশনা-

Ranoj Pegu

বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ। গুণোৎসৱত দুৰ্বল ফলাফল দেখুওৱা বিদ্যালয়লৈ নিৰ্দেশ। B, C আৰু D গ্ৰেড পোৱা বিদ্যালয়সমূহলৈ দিয়া হৈছে বিশেষ নিৰ্দেশনা। বিদ্যালয়সমূহত গৰম বন্ধত চলিব বিশেষ শ্ৰেণী। সকলো শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকিব লাগিব এই শ্ৰেণীত। সকলো জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াই প্ৰধান শিক্ষকক দিছে এই নিৰ্দেশ। লখিমপুৰত শনিবাৰ, দেওবাৰেও খোলা থাকিব C, Dগ্ৰেড পোৱা বিদ্যালয়। শনিবাৰে ছুটীৰ পিছতো কৰিব লাগিব পাঠদান। অতিৰিক্ত এঘণ্টা পাঠদান কৰিব লাগিব শনিবাৰে। দেওবাৰেও দুঘণ্টা পাঠদান কৰিব লাগিব শিক্ষকসকলে।
 

Category
Profile picture for user UB Photos