অসম আৰক্ষীৰ ভাৱমূৰ্তি ম্লান কৰা বিমান ৰয় পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল। ২০১৭ চনৰ মে' মাহত বকো থানাৰ পৰা ট্ৰাক মোকলাই দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল বিমান চন্দ্ৰ ৰয়। ৫০ হাজাৰ টকা দাবী কৰিছিল বিমান চন্দ্ৰ ৰয়ে আৰু ১০ হাজাৰ টকা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল বিমান চন্দ্ৰ ৰয়ক। উল্লেখ্যে যে থানাৰ ভিতৰত কিশোৰীক উলংগ কৰি ফটো সংগ্ৰহৰ অভিযোগত অভিযুক্ত OC বিমান ৰয় এতিয়াও পলাতক।
Category
- Log in to post comments