OC বিমান ৰয়ে কলংকিত কৰিলে অসম আৰক্ষীক। বিমান ৰয়ৰ কাণ্ডক লৈ লজ্জিত অসম আৰক্ষী। ঘগ্ৰাপাৰ থানাৰ ঘটনাক লৈ আৱেগিক পোষ্ট DGPৰ। থানাৰ ভিতৰত কিশোৰীক উলংগ কৰি ফটো সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল OC বিমান ৰয়ৰ বিৰুদ্ধে। ঘটনাৰ পিছৰে পৰা বৰ্তমানো OC বিমান চন্দ্ৰ ৰয়ক পলাতক হৈ আছে। পলাতক ৰয়ক বিচাৰি অসম আৰক্ষীয়ে চলাইছে অভিযান। সন্ধান দিওতালৈ পুৰস্কাৰো ঘোষণা DGP জি পি সিঙৰ। উল্লেখ্য যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল OC বিমান ৰয়ক। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বৰ্খাস্ত কৰিলে বিমান ৰয়ক। নিশা টুইট কৰি বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্তৰ কথা জনালে ডিজিপি জিপি সিঙে। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে টুইটত উল্লেখ কৰে, ''ঘগ্ৰাপাৰ থানাৰ ঘটনাই মোক অতিকৈ আশাহত আৰু মৰ্মাহত কৰিছে। থানা হৈছে আৰক্ষীৰ মন্দিৰ, জনতাৰ নিৰাপদ আশ্ৰয়। এজন পৰিদৰ্শকে সমগ্ৰ অসম আৰক্ষীকেই কলংকিত কৰিলে। কিন্তু মই অসম আৰক্ষীৰ পোছাকত চেকা লাগিবলৈ নিদিওঁ''।
- Log in to post comments