পুনৰ খাকি পোচাকত দাগ! কিশোৰীক থানাৰ ভিতৰত উলংগ কৰি ফটো তুলাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

Assam Police

নলবাৰীৰ ঘগ্ৰাপাৰ থানাত চাঞ্চল্যকৰ ঘটনা। এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ এগৰাকী কিশোৰীৰ। কিশোৰী গৰাকীক উলংগ কৰি আৰক্ষী বিষয়াজনে ফটো তোলাৰ অভিযোগ। ঘটনা সন্দৰ্ভত নলবাৰী থানাত এজাহাৰ দাখিল কৰে কিশোৰীগৰাকীয়ে। এজাহাৰৰ ভিত্তিত ২৮৭/২৩ নম্বৰত ৰুজু কৰা হৈছে গোচৰ। শেহতীয়াকৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটৰ যোগেদি জনাইছে যে যদি এই ঘটনা সত্য হয় তেন্তে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। টুইটত উল্লেখ কৰিছে যে অভিযোগকাৰীয়ে ২১ জুনত সংঘটিত ঘটনা সন্দৰ্ভত নলবাৰী থানাত ২৬ জুনত এখন এজাহাৰ দাখিল কৰিছিল। এজন যুৱকৰ সৈতে কিশোৰীগৰাকীক ঘগ্ৰাপাৰ থানালৈ অনা হৈছিল আৰু এজন উপ–পৰিদৰ্শকে ম'বাইত কেতবোৰ আপত্তিজনক ফটো সংগ্ৰহ কৰিছিল।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে উল্লেখ কৰে যে এই সন্দৰ্ভত POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এগৰাকী মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হৈছে ঘটনাৰ তদন্তৰ। DIG (CWR)ক ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰথম প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। যদিহে এই ঘটনা সঁচা হয় তেন্তে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে জি পি সিঙে।

Category