আকৌ ভয়ংকৰ দুৰ্ঘটনা! বৰযাত্ৰীৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াল মাৰুতি বাহনক।

City Bus

মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ভঙাগড় পাহাৰৰ দিশৰ পৰা কাহিলিপাৰা দিশে অহা এখন বৰযাত্ৰীৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে এখন মাৰুতি বাহনক। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত মাৰুতি বাহনখনত থকা ৩জন লোক। গণেশগুৰিৰ দিশৰ পৰা গৈ আছিল মাৰুতি বাহনখন। তিৱা ৰাম পাহাৰৰ পৰা নামি আহিছিল বৰযাত্ৰীৰ বাছখন। বাছখনত আছিল ৩০জন বৰযাত্ৰী। বাছখনৰ ৫ জন লোক আহত । আহত যাত্ৰীকেইজনক হায়াট হাস্পতালত ভৰ্তি কৰোৱা হয়। কাহিলীপাৰা সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। 

Category
Profile picture for user UB Photos