পুৱা খোল খালে শক্তিপীঠৰ দুৱাৰ, তিনিৰাত্ৰি সম্পূৰ্ণ হোৱাৰ পিছত অন্ত পৰে অম্বুবাচীৰ।

Kamakhya

অন্ত পৰিল মহা অম্বুবাচীৰ। ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হৈছিল প্ৰবৃত্তি। আজি অম্বুবাচীৰ নিবৃত্তি।  নিবৃত্তিৰ দিনটোত কামাখ্যা দেৱালয়ত সমাগম ঘটিছে লাখ লাখ ভক্তৰ। মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ ৰাজ্যৰ লগতে দেশ–বিদেশৰ ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু।

আজি পুৱা সূৰ্যোদয়ৰ পিছত ৫ বাজি ৫ মিনিটত খোলা হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ। দেৱীৰ স্নান, যথাবিহিত পূজা–অৰ্চনাৰ পিছত দৰ্শনাৰ্থীৰ বাবে খোলা হ'ল মন্দিৰৰ দুৱাৰ।  নিবৃত্তিৰ দিনটোত মা কামাখ্যাৰ আশিস ল'বলৈ নীলাচলত সমাগম হৈছে লাখ লাখ ভক্তৰ। 

প্ৰতি বছৰৰ দৰে এইবাৰে অম্বুবাচীৰ আৰম্ভণিৰ দিনটোৰ পৰা অন্তিম দিনটোলৈ কামাখ্যা ধামত দেখা গ'ল অগণন ভক্তৰ ভিৰ। 

Category
Profile picture for user UB Photos