বিপদত পশুকুল! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সম্ভাৱনা!!

Assam Flood

বানৰ কৱলত অসম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো প্ৰকট হৈ পৰিছে বানৰ সম্ভাৱনা৷ নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে যিকোনো মূহূৰ্ততে পাৰ ভাঙি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ সম্ভাৱনা। এই কথা ব্যক্ত কৰিলে ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয়সমূহ পানীৰে উপচি পৰিছে ঠিক তেনেকুৱাতে যদি ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰে তেনেস্থলত বিস্তীৰ্ণ এলেকা প্লাৱিত হোৱাৰ অধিক সম্ভাৱনা আছে ৷ অৱশ্যে সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ৷ বন শিবিৰসমূহত যোগান ধৰা হৈছে হাত নাও, বোটৰ লগতে সাজু কৰি তোলা হৈছে যন্ত্ৰচালিত নাও।

Category
Profile picture for user UB Photos