বন্ধ হল কামাখ্যাৰ দুৱাৰ, আৰম্ভ হ'ল মহা অম্বুবাচী মেলা।

Jai Maa Kamakhya

আৰম্ভ হ'ল অম্বুবাচী মেলা। নিশা বন্ধ হল শক্তিপীঠৰ দুৱাৰ। নিশা ২.৩০ বজাত প্ৰবৃত্তি হ'ল অম্বুবাচীৰ। তিনিদিনৰ বাবে বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ। ২৬ জুনত ভক্তৰ বাবে মুকলি হ'ব মন্দিৰৰ দুৱাৰ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ আগমন ঘটিছে ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰিছে নীলাচলৰ বুকু। 


 

Category
Profile picture for user UB Photos