সামুদ্ৰিক ঘুৰ্ণী বিপৰ্যয়ে লৈছে সংহাৰী ৰূপ। গুজৰাট উপুকুল মষিমুৰ কৰিছে 'বিপৰ্যয়ে'। 'বিপৰ্যয়'ৰ কবলত দেশৰ পশ্চিম উপকুল। ১৫ জুনত গুজৰাটৰ জাখৌ বন্দৰত প্ৰচণ্ড খুন্দা বিপৰ্যয়ৰ। ঘণ্টাত ১৩০-১৫০কিঃমিঃ বেগত গুজৰাটত সংহাৰ।
সষ্টম হৈ গুজৰাট প্ৰশাসন, বায়ুসেনা, নৌসেনা। সাজু হৈ আছে উপকুলৰক্ষী বাহিনী, NDRF, SDRF। ৰাজ্যখনৰ ৮ জিলাৰ ১ লাখ লোকক কৰা হ'ল স্থানান্তৰ। ৰাজ্যখনৰ কেইবাস্থানতো বিচ্ছিন্ন বিদ্যুৎ সংযোগ। ৰাজ্যখনত আৰম্ভ প্ৰচণ্ড বৃষ্টিপাত। ৰাজস্থান, মহাৰাষ্ট্ৰ, কৰ্ণাটক, লক্ষদ্বীপ, কেৰালাতো বিপৰ্যয়ৰ প্ৰভাৱ। উত্তৰ-পূবৰ অৰুণাচল, মেঘালয়ত বিপৰ্যয়ৰ আংশিক প্ৰভাৱৰ সম্ভাৱনা। গুজৰাটৰ সকলো শিক্ষানুষ্ঠান ৩ দিনৰ বাবে বন্ধ। ৯৫খন ৰে'লৰ যাত্ৰা বাতিল পশ্চিম ৰে'লৱেৰ।
- Log in to post comments