প্ৰসংগঃ ৰাজ্য কঁপোৱা ডাবল মাৰ্ডাৰৰ শুনানি। আজিও অভিযোগ আৰোপ নহল অভিযুক্ত বন্দনা কলিতা, ধন্তি ডেকা আৰু অৰূপ ডেকাৰ। 17 জুন তাৰিখে আদালতত পুনৰ হাজিৰ হ'ব লাগিব তিনি অভিযুক্ত।আজি আদালতে অৰূপৰ জামিন আবেদনৰ শুনানি সম্পন্ন কৰে। পৰৱৰ্তী তাৰিখত দিব জামিনৰ ৰায়।
লগতে অৰূপ ডেকাই অভিযোগ আৰোপ নকৰিবলৈ দাখিল কৰা আবেদনৰ শুনানিও সম্পন্ন। 17 জুনলৈ ধাৰ্য ইয়াৰ ৰায়দান। 17জুনত অভিযোগ আৰোপ সম্পন্ন হব। বন্দনা কলিতাৰো জামিন আবেদনৰ শুনানি সম্পন্ন। আনহাতে কেমেৰাৰ সন্মুখত বন্দনা কলিতাই পুনৰ ক'লে - 'মোৰ বিৰুদ্ধে উঠা অভিযোগ মিছা'।
- Log in to post comments