৭ জনকৈ ছাত্ৰৰ মৃত্যুত দায়ী কোন? সুৰাপান, কৰ্তৃপক্ষ নে অভিভাৱক ? 

dEAD

শোকস্তব্ধ অসমবাসী। ৭ জনকৈ ছাত্ৰৰ কৰুণ মৃত্যুয়ে জোকাৰিছে অসমক। কোনেও সহজভাৱে ল'ব পৰা নাই এই মৃত্যুক। দেওবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাই তচ-নচ কৰিলে ৭ টাকৈ পৰিয়ালক। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত ৭ জনকৈ ছাত্ৰৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয়। জানিব পৰা মতে, সাতমাইলৰ দিশৰ পৰা আহি থকা AS-01-FK-9605 নম্বৰৰ স্কৰপিঅ' বাহনখনে প্ৰথমে খুন্দা মাৰে ডিভাইডাৰত। গাড়ীখনৰ গতিবেগ ইমানেই ভয়ংকৰ আছিল যে ই বিপৰীত লেনত থকা AS-01-GC-8829 বলেৰ পিক আপ বাহনত খুন্দা মাৰে। নিহত ছাত্ৰ কেইজন ক্ৰমে মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড় ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকা।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মৃণ্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ আন তিনিজন ছাত্ৰ। এই ঘটনাত বলেৰ' পিক আপ ভানখনত থকা মোজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ তিনিজন লোকো গুৰুতৰভাৱে আহত হয়। উল্লেখ্য ছাত্ৰকেইজনে অত্যাধিক সুৰাপান কৰি অহাৰ সন্দেহ। কিয়নো ছাত্ৰকেইজন অহা স্কৰপিঅ' বাহন খনত উদ্ধাৰ হৈছিল সুৰাৰ বটল। 

দুৰ্ঘটনাৰ পাছতেই এতিয়া তোল-পাৰ লাগিছে অসমত। সকলোৰে মনত প্ৰশ্ন এই শোকাৱহ দুৰ্ঘটনাৰ অন্তৰালত কোন। ৭ সম্ভাৱনাৰ পৰিসমাপ্তিত দায়ী কোন? সুৰাপান, AECকৰ্তৃপক্ষ নে অভিভাৱক। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি গাড়ী খন তীব্ৰ গতিত চলিছিল, সুৰামত্ত অৱস্থাত থকাৰো সন্দেহ ছাত্ৰ কেইজন। কাৰণ বাহন খনত উদ্ধাৰ হৈছিল সুৰাৰ বটল। আনহাতে, জানিব পৰা মতে AEC গেটকেইখন ২৪ ঘন্টা উদং হৈ থাকে! যাৰ যেতিয়াই মন যায় গেটেৰে কেম্পাছৰ পৰা ওলোৱা সোমোৱা কৰিব পাৰে! ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত AECৰ দুজন অধ্যাপকক নিলম্বন কৰা হৈছে। AECৰ হোষ্টেল অধীক্ষক শশাংক শৰ্মাক বহিস্কাৰ। ৩ নং হোষ্টেলৰ অধীক্ষক আছিল শশাংক শৰ্মা। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পি কে চৌধুৰীকো বহিস্কাৰ। শেষত প্ৰশ্ন হয় অভিভাৱকে ছাত্ৰ কেইজন ৰাতি ওলাই যোৱাৰ বিষয়ে অৱগত আছিল নে? অভিভাৱক আৰু সন্তানৰ মাজৰ ব্যৱধানো এই শোকাৱহ দুৰ্ঘটনাৰ কাৰণ হ'ব পাৰে নেকি? মুঠতে এতিয়া শোকত ভাগি পৰিছে সকলো। নিমিষতে হেৰাই যোৱা এই ছাত্ৰ কেইজনৰ শোকত কেৱল চকুলো টুকিছে অসমবাসীয়ে।  
 

Category
Profile picture for user UB Photos