সহজ ভাৱে ল'ব পৰা নাই ৭ জনকৈ ছাত্ৰৰ মৃত্যুক! AEC ৰ দুই অধ্যাপকক নিলম্বন

AEC

মহানগৰীৰ শোকাৱহ পথ দুৰ্ঘটনাই কঁপাইছে ৰাজ্য। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত ৭ জনকৈ ছাত্ৰৰ অকাল মৃত্যুক সহজভাৱে লব পৰা নাই ৰাজ্যবাসীয়ে। শেহতীয়াকৈ AECৰ দুজন অধ্যাপকক নিলম্বন কৰা হৈছে। AECৰ হোষ্টেল অধীক্ষক শশাংক শৰ্মাক বহিস্কাৰ। ৩ নং হোষ্টেলৰ অধীক্ষক আছিল শশাংক শৰ্মা। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পি কে চৌধুৰীকো বহিস্কাৰ। ঘটনাৰ তদন্ত কৰিবলৈ তদন্ত সমিতি গঠন AECৰ অধ্যক্ষৰ। ক্ষিপ্ৰ গতিৰে আৰম্ভ AECৰ নিজাববীয়া তদন্ত।
 

Category
Profile picture for user UB Photos