'ল'ৰা–ছোৱালীয়ে কি কৰিছে কি কৰা নাই অভিভাৱকে অলপ যাতে খা–খবৰ ৰাখে।' মহানগৰীৰ শোকাৱহ পথ-দুৰ্ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্য

CM

এক অভিশপ্ত নিশা। যত অকালতে প্ৰাণ গ'ল ৭ জনকৈ ছাত্ৰৰ। এক ভয়ংকৰ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জনকৈ ছাত্ৰই । নিশা জালুকবাৰীত সংঘটিত শোকাৱহ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ছাত্ৰকেইজনৰ। মাজনিশা জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী মহিন্দ্ৰা স্কৰপিঅ'ই ডিভাইডাৰত খুন্দিয়াই পিছত এখন ব্ৰইলাৰ কঢ়িওৱা বলেৰ' পিক আপ ভানত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় ৭জন যুৱক। 

ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কয়, "যি দুৰ্ঘটনা হৈ গ'ল, ৭জনকৈ ছাত্ৰৰ মৃত্যু হ'ল। এয়া  সঁচাকৈ এক দুখলগা ঘটনা। যিকেইজন আহত হৈছে সেইকেইজন এতিয়া বিপদমুক্ত। মই এটা অনুৰোধ কৰিম, যিসকলৰ ল'ৰা–ছোৱালী গুৱাহাটীত থাকে, অভিভাৱকসকল তেওঁলোকৰ লগত সংযোগত থাকিলে ভাল। ল'ৰা–ছোৱালীয়ে কি কৰিছে কি কৰা নাই অলপ যাতে খা–খবৰ ৰাখে। মই হোষ্টেলৰ কৰ্তৃপক্ষকো ক'ম যাতে হোষ্টেলৰ যি ব্যৱস্থা থাকে, সেয়া যাতে শক্তিশালী কৰে। এই ধৰণে ৭জন ল'ৰাৰ মৃত্যু সঁচাকৈ দুখলগা।"

Category
Profile picture for user UB Photos