মাত্ৰ তিনি বছৰ চাকৰি কৰিয়েই কেনেকৈ কোটিপতি হ'ল আভাজ্যোতি ৰাভা? ক'লা সাম্ৰাজ্যৰে জড়িত নেকি আভা?

abha

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই চাকৰি জীৱনৰ অতি কম সময়তে গঢ়িছে সম্পত্তিৰ বিশাল পাহাৰ। বকো ডেকাপাৰাৰ বাসিন্দা বিতৰ্কিত আভাজ্যোতি ৰাভাই চাকৰি জীৱনৰ তিনিটা বছৰ সম্পূৰ্ণ নহওতেই অবাধ হাৰত গঢ়িল সম্পত্তি। বকো বন্দাপাৰা, ডাকুৱাপাৰাকে ধৰি মিৰ্জাৰ ৰাণীত  ক্ৰয় কৰিছে কোটি টকীয়া ভূমি। বকো ডাকুৱাপাৰাত বহু লক্ষ টকাত ভূমি ক্ৰয় কৰি নিৰ্মাণ কৰি আছে এটা বিশাল অট্টালিকা। আনকি বকো ডাকুৱাপাৰাত চুবুৰীয়াৰ মাটি ক্ষমতাৰ বলেৰে  আভাজ্যোতি ৰাভাই কৰিছে অবৈধভাৱে দখল। এই কথা বিনাদ্বিধাই স্বীকাৰ চুবুৰীয়াই। জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙোৰ খোৱা আভাজ্যোতিৰ কু-কীৰ্তিৰ কথা এনেদৰেই পোহৰলৈ আহিছে। সতীৰ্থক মৃত্যুৰ দুৱাৰদলিত এৰি দিয়া আভাজ্যোতিৰ বিৰুদ্ধে বকোৰ সাধাৰণ পৰিয়ালক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ। বিশাল অট্টালিকা নিৰ্মাণৰ বাবে দুখীয়া পৰিয়ালৰ জেওৰা ভঙাৰ অভিযোগ আভাজ্যোতিৰ বিৰুদ্ধে। দিনৰ পোহৰত নহয় আভাজ্যোতি বকোত উপস্থিত হয় দোভাগ নিশা! আভাজ্যোতিৰ লগত থাকে বকো আৰক্ষী। 

আনহাতে পৰিয়ালৰ মতে ১২ বছৰ অধিক সময় চাকৰিত নিয়োজিত হৈ আছে আভাজ্যোতি ৰাভা। সংবাদ মাধ্যমত ভুলকৈ তিনিবছৰ বুলি প্ৰচাৰ হৈ আছে। CISF ত ২০১০ মাৰ্চৰ পৰা কাম কৰি অসম আৰক্ষীত ২০১৭ৰ জুলাইত যোগদান কৰে। চাকৰীয়াল পিতৃৰ মৃত্যুৰ পিছত প্ৰাপ্য ধনেৰে বকো ডাকুৱাপাৰাৰ ভূমি আভাজ্যোতিৰ মাতৃৰ নামত ক্ৰয় কৰা বুলি আত্মীয়ই জানিবলৈ দিয়ে। এতিয়া, সকলোৰে মনত কৌতুহল, সাধাৰণ পৰিয়ালৰ যুৱক আভাজ্যোতি প্ৰকৃততেই নিষিদ্ধ কলা সাম্ৰাজ্যৰে জড়িত নেকি?
 

Category
Profile picture for user UB Photos