সমাধান হ'ব অসম মেঘালয়ৰ সীমা বিবাদৰ সমস্যা! আলোচনাত মিলিত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী

CM

আজি কইনাধৰাত আলোচনাত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। সীমা বিবাদৰ সমস্যা সমাধানৰ সন্দৰ্ভত অনুষ্ঠিত কৰা হয় বৈঠকখন।

1

১২ টা অঞ্চলৰ ভিতৰত ৬ টা অঞ্চলৰ সমাধান হৈছে। আজি বাকী থকা অঞ্চল কেইটাৰ ক্ষেত্ৰত আলোচনা হ'ল। জুনৰ শেষৰফালে মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে পৰিভ্ৰমণ কৰিব কাৰ্বি আংলঙৰ অঞ্চলসমূহ। তাৰে পিছত জুলাই মাহত পুনৰ আলোচনাত মিলিত হব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী।

2

সীমা সমস্যা সমাধান হব কিন্তু কিছু দিনৰ প্ৰয়োজন হব বুলি আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে তাৰ বাবে সকলো চেষ্টা কৰিম বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। 

Category
Profile picture for user UB Photos